স্পর্শখিনি লোৱা
- সুনীল অমিয়
স্পর্শখিনি লোৱা
আৰু বাকিখিনি থাকক !
ছিঙা ওৱলী যোৱা পৃষ্ঠা
উৰি যায়,
নি-লিখা কিছু পৃষ্ঠাও ওড়ে
হিমাদ্রি-শিখৰৰ পৰা
হাওলী আহে-মৰা জলাপ্রপাত
সকলো খিনিয়ে আছে
মাথো যেন শব্দৰাশি নাই
স্পর্শখিনি লোৱা
আৰু বাকিখিনি থাকক
ডৰিঁয়লী প্রভাত আনে শালিকিয়ে, কুলি নিদ্রাগত, আৰু
জাগি আছে দেবদাৰু বন
নীলিমাৰ হিমৰ পৰা
খঁহি যায় ৰূপৰ কিৰীট
স্পর্শখিনি লোৱা
আৰু বাকিখিনি থাকক
বেলি গ'ল, গধুলি হ'ল
শুনা নাই নেকি
লৰামতিয়া কিটায়
কোনো ভুল কৰা মাত
ইপাৰত মৃত্যুৰ হাতবাউল
আৰু সি পাৰত
অমৰত্ব নীৰৱ কঠিন
‘মনত পৰে নে’?
এই মাত কতকাল,
কত শতাব্দীৰ পানীত
ধুই যায় স্মৃতি,
কাৰ পানী !
কোন পানী !
কোন তাহানিৰ উষ্ণ প্রস্রবণ !
স্পর্শখিনি লোৱা
আৰু বাকিখিনি থাকক । —