প্রজাপতি সোমাই আহে
অলিন্দত
সুনীল অমিয়
=========
সেই কোন তাহানিৰ লৰালিত বৰষুন পৰিছিল
তাহানীয়ে তিঁতিছিল লাজুকী কদম
কদমৰ ডালত বহিছিল এটি পক্ষী |
সেই চৰাইজনীয়ে কৈছিল পৃথিৱীৰ ভিতৰত আৰু এটা
গর্ভকেশৰৰ দৰে গোপনীর পৃথিৱী আছে।
সেই পৃথিবীক বিচাৰি
চাঁদ সদাগৰ ধুমুহা, পানী, ঝঞ্ঝাত বুৰ যাব বুলি জানিও
মেলি দিছিল নিজৰ নৌবহৰ
বিপুল সমুদ্রত।
ঘৰ পুৰা জুইৰ দৰে বগা ফেন...
সেই ফেনে পুহিছিল
ডাঙৰ ডাঙৰ ৰাঘব বৰালী
সেই বৰালীৰ পেট ফালি পোৱা গ'ল
মানুহৰ আঙুঠি ভর্তি সপোন, সুখ, সোনৰ বিষাদ |
সেই আঙুঠি, সপোন, দুখ তছনছ কৰি
প্রজাপতি সোমাই আহিছে।
পৃথিৱীৰ অতীতৰ,
আগামীদিনৰ বহু অজ্ঞাতপ্রায় পান্ডুলিপি,
স্থাপত্যৰ ভঙা মন্দিৰ
ভাস্কর্যৰ টুকুৰা-টুকুৰ
বহু বিচিত্র গাথা,
আজন্মৰ স্মৃতি দি বুনা
বহু ৰঙীন কোলাজ, চলচিত্র, প্রতিমা, পুতুল,
পোড়ামাটিৰ নিভৃত সমীৰণ,
সঁজোৱা আছে,
এই সংবাদ শুনি
একাৱন্ন বছৰীয়া
কোনো এক যুবকৰ
খামিডাঠ বুকুৰ হাড় ফুটা কৰি
প্রজাপতি সোমাই আহিছে ।