Disneyland 1972 Love the old s
টোপনি আৰু সপোনৰ আখৰা

সুনীল অমিয়
=========
কিমান দিন
টোপনিৰ মাজত শুনিছো
অনন্ত এছৰাজ,
জলপৰীৰ ডেউকাৰ কল্লোল
বতাহত উৰিছে তাইৰ উত্তাল
সোনোৱালী চুলি,

এই অস্থিৰ সপোনৰ চাকনৈয়াত
হেঁৰোয়াইছো সুখৰ শৈশব।

আজি যিমানেই খুলিব খোঁজো টোপনিৰ মায়াজাল
সেই নিঃশব্দ দুৱাৰ
অন্ধ প্রাচীৰত নামি আহে
সহস্র উলঙ্গ ৰাত্রি,
উলঙ্গ এন্ধাৰ
এতিয়া আৰু কোনো
শব্দ ঘ্রাণৰ উদ্ভাসন নাই।

এই অনন্ত টোপনিৰ ডায়েৰী,
সপোনৰ খছৰা বহী
পৰী সকলৰ আঙুলৰ ছাপ
ৰূপৰ মুদ্রাৰ দৰে নামি আহে অঘাইতং বৃষ্টি,
এই মেঘৰ সৌৰভ যেন দূৰৈত ভাঁহি যায়,

খাটাং কৈ জানো,
জীয়াই থকা মাথো
টোপনি আৰু সপোনৰ আখৰা।