-ঃ জীয়াইআছোঁ মই, মৰা নাইঃ-
সুনীল অমিয়
তুচু পুজাত দেখিছিলো তোমাক
ফাঁকুৱাত সানিছিলা
হালধীয়া ৰঙ মোৰ মনত !
ডাঠ হালধীয়া সখীয়তি চৰাই
মোৰ প্রাণ ভুমুৰা
তুমিও পাইছিলা গম
কোনো চাবোন দি
আৰু ধোব নোৱাৰিম
হালধীয়া ৰঙৰ চেকা
তোমাৰ নীৰৱতা !
এদিন--
কলম কটাৰী হৈ
ঘেঁছ কৈ কাটি নিলে
মোৰ স্তন !
ডাক্তৰে কলে - নমৰে তাই
থাকিব জীয়াই
তুমি কলা - লিঙ্গ !
বাহিৰৰ বস্তু
কাটি দিলে নহয় লিঙ্গান্তৰ !
জীয়াই আছোঁ মই
ৰিফু কৰা কাপোৰৰ দৰে
মুৰত উৰণী লৈ
তোমাৰ নিঃশ্চিন্ত,
নীৰৱচ্ছিন্ন
নীৰৱতাৰ বেৰত
মুৰ খুন্দিয়াই
জীয়াই আছোঁ মই,
মৰা নাই--