Lamborghini Huracán LP 610-4 t
‘‘মোনালিচা’’

—সুনীল অমিয়
===========
চকুজুড়ি জঁপালেই দেখি পাওঁ
প্রথম-ৰজঃস্বলা হোৱা এক কিশোৰীক−
তাই না জানে ,
কি কাৰণত
হঠাৎ এই
তীৰ-তুমুল আনন্দ-উচ্ছাস
উথলি পৰিছে তাইৰ লৱনু দেহাৰ ভাজে ভাজে।

মনুৰ ভাষাত গৌৰী,
টিকিলি মিকিলি ছোৱালী
চমকি ওঠে নিজৰ ফালেই চাই−
দেখি পায় তাইৰ অঙ্গজুড়ি
ফুলৰ উৎসব।
যেন 'ম' ম'য়াই আছে মর্ত্য
নার্গিস আৰু হাচনাহানাৰ
স্বর্গ-পুষ্প-ঘ্রাণ।

মা'ক মাতি শুধে−
মা-‘মোৰ দেহাত ফুলৰ সৌৰভ কিয় ?
ছোৱালী বোৰ জানো ফুলৰ উদ্যান ??
কন্যাক বুকুত সোৱাই মা'য়ে কয়,
‘আকৰী ছোৱালী, একুকেই নোবুজে,−আহ,
আজি কুসুম উষ্ণ পানীৰে তোক কৰাও স্নান।’

মা’ৰ বুকুত মুখ গুজি
নিজেই জানো কেতিয়া মা হই উঠিল তাই ।

এই লাভাস্রোত,
এই সঙ্গকাতৰতা
তাইক শেষত
ক'ত ওটোয়াই লৈ যাব
নাজানে তাই;
নোবুজে তাই
তাইৰ বৃক্ষপত্রত কোন মলয়া চেপন বা বয় ?
অগ্নিকুন্ডত বায়ুৰ দৰে মাতাল হই আহি কোনে তাইক সাৱটি ধৰিব
আদৰ, মৰম, সোহাগেৰে ?
না জানে তাই , নোবুজে তাই,
তাইৰ চকু ওঁঠ, তলপেট, টোপনি ভঙা স্তনত
জাগিছে যি ঢৌ তাৰ শেষ ক'ত? গন্তব্য ক'ত?
আনন্দ পুৰুষত? নে আনন্দ সন্তানত?

এইসকলো দেহতত্ত্ব বুজি পোৱাৰ আগতেই,
সকলো গূঢ় গোপন ৰহস্যভেদ
হোৱাৰ আগতেই
আষাঢ়ৰ এটি বৃষ্টিভিজা ৰঙীন নিশাত
মোনালিচাৰ বিয়া হই গ'ল−
লিওনার্দো দা ভিঞ্চিৰ লগত।

অতঃপৰ লিওনার্দো দীর্ঘ যামিনী জাগি
জীৱনৰ শেষ ৰং দি
তেওঁৰ প্রিয়তমা তৰুণী ভার্যা
মোনালিচাক ক্যানভাচত আঁকিলে।

শিল্পৰ ঔৰসত মোনালিচা গর্ভবতী হ'ল
স্বর্গৰ পৰা মখলুকাত পুষ্পবৃষ্টি হ'ল।
সিন্ধুৰ বিজয়ৰথ পশিল নদীত−
শান্ত হ'ল ক্ষিপ্তোন্মত্ত সমুদ্রৰ জল।

মোনালিচা, ইউৰোপৰ প্রথম ৰমণী−
পুৰষৰ কর্মকান্ড চাই হাঁহিলে ভুৱন মোহন হাঁহি।