"তুমি গুচি যাবা বুলি কলেই"
---সুনীল অমিয়
=============
তুমি গুচি যাবা বুলি কলেই
বুকুৰ মাজত
পাহাৰ ভঙাৰ শব্দ শুনো-
উঠি থিয় হলেই;
দুপৰীয়াৰ দগ্ধ গৰম বতাহ বয়,
আর্চিৰ কাঁচ ভঙাই পাতনি মেলে ;
দুৱাৰৰ পৰা এখোঁজ আগবাঢ়িলেই মোৰ দু'চকু এন্ধাৰ হই আহে-
ইয়াৰ নামেই তোমাৰ বিদায়,
আচ্ছা আহোঁ, শুভৰাত্রি,বাই।
তোমাক আৰু অলপ বহিব কলেই; তুমি যেতিয়া মুৰ দুপিয়াই না বুলি কোৱা ;
তৎক্ষনাত ভাঙি যায়
মাধবীলতাৰ ডাল, কলি;
তুমি গুচি যোৱাৰ বাবে; যেতিয়া
চিড়ি দি নামি থকা;
সেই সময়তে পৃথিৱীৰ আৰু কিছু বনাঞ্চল ধংস হয় |
তুমি চোতাল পাৰ হলেই মই কেবল
শূন্যতা ;শূন্যতা ; শুন্যতাৰ
বাহিৰে
আৰু একোয়েই দেখি না পাওঁ
মোৰ প্রিয় গ্রন্থবিলাকৰ পৃষ্ঠা
ক'লা চিঁয়াহীত পোঁত খায়।
অথচ চকুৰ আৰ হোৱাৰ অর্থ কিমান খিনি দূৰ যোৱা বাৰু,
কিমান দূৰ যোৱা-
হয়তো ধানখেতিৰ পৰা বনানী,
হয়তোবা দিচপুৰ পৰা জালুকবাৰী
তথাপিও তুমি গুচি যাবা বুলি কলেই বুকুৰ
মাজত কেৰমেৰাই ওঠে নিদাঘ
কেৱল সেই অবিৰাম পাৰ ভঙাৰ শব্দ শুনো
সৰাপাতৰ মৰমৰণি শুনো-
আৰু একোয়েই শুনি না পাওঁ।