টোপনিত এ'ভুমুকি
সুনীল অমিয়
==============
ৰাতিৰ এন্ধাৰ.....
মোৰ ছবি অঁকা কেনভাচ !!
অনু তোমাৰ চকুৰ জ্যোতি
মোৰ ছবিৰ ৰঙ
এদিন যি আঙুলীয়ে কৰিছিল পৰশ
তোমাৰ দেহাৰ কমনীয়তা
সেয়া আজি--
তুলিকা--
অনু--
তোমাৰ টোপনিৰ ছবি আঁকি আছোঁ--
তুমি নিলীম হই শুই আছা কেনভাচৰ আঁক-বাকত
এই টোপনি--
নাই এই টোপনিৰ পৰা নজগাও তোমাক
অস্থিৰ পৃথিৱীৰ বুকুৰ পৰা আঁজুৰি অনা
ভালপোৱাৰ দুটা হাত
তোমাক স্থাপন কৰিছো স্থিৰতাৰ পটত--
পৃথিৱীৰ সকলো ৰুপহী এতিয়া নিমাত--
তোমাক চাই চাই জ্বলিছে ঈর্ষাত--
সিহঁতৰ যে স্থিৰতা নাই
আছে মাথো নাম যশ
অকমান পিছত ময়ো শুই থাকিম তোমাৰ কাষত
খেতি পথাৰ ওপছি পৰিব ঘাঁহত--
কালৰ গ্রহন লগা কলঙ্কিত জোনে
আঁকিলেও আঁকক আমি দুয়োৰে ছবি
যি সকলে চোৱাৰ চাব--