‘‘সকলোখিনিয়েই নষ্টবিলাকৰ অধিকাৰত যাব’’
—সুনীল অমিয়
============
মই জানো
নষ্টসকলৰ অধিকাৰত যাব যাবতীয় আপোৰুগীয়া সম্পদ।
নষ্টযোৱা কিটাৰ দানব মুঠিত ধৰা পৰিব মানবিক সংঘ-পৰিষদ;
গুচি যাব, অত্যন্ত উলাহত
গুচি যাব এই সমাজ-সভ্যতা
সমস্ত দলিল-
নষ্টযোয়া কিটাৰ অধিকাৰত।
ধাহিমুহি,
উছন যাব ৰাষ্ট্র আৰু ৰাষ্ট্রযন্ত্র
দিনে দিনে গুচি যাব নষ্টৰ
অধিকাৰত।
গুচি যাব চহৰ বন্দৰ
ধানখেতি,কলা মেঘ, ৰঙা চোলা, বগা জোন, ঘনচিড়িকাৰ বগা বুকু
মন্দিৰ, মসজিদ, গির্জা নামঘৰ পবিত্র প্যাগোডা।
অস্ত্র আৰু গণতন্ত্র গুচি গৈছে, জনতাও যাব;
গুচি যাব পথৰুৱা সপোন
খাৱৈত পেলাই থৈ
এদিন সপোনৰ সমাজতন্ত্রও নষ্টযোৱাকিটাৰ
অধিকাৰত যাব।
মই জানো সকলোবোৰ নষ্টৰ
অধিকাৰত যাব।
কেঁচাসোন ৰ'দ
আৰু ৰূপৰ কাঁহি পূর্ণিমাৰ জোন
নদীৰ পাগল কৰা ভাটিয়ালি গান খেড়ৰ মেজি
শাওণৰ বৰষুণ নষ্টযোয়াৰ
অধিকাৰত যাব।
লক্ষীনাথ বেজবৰুয়াৰ সকলো জ্যোৎস্না
আৰু
জ্যোতিপ্রসাদৰ সমস্ত আলাপ হৃদয়স্পন্দন গাথা
ওঁঠৰ আঙুৰ
ঘাই হৰিণীৰ মাংসৰ চিঞৰ গোপচাৰৰ গৰখীয়া
কঁহুয়া বননি এদিন নষ্টযোয়া কিটাৰ অধিকাৰত যাব।
গুচি যাব সাধুকথা উপকথাঃ সৌন্দর্য-প্রতিভা- মেধা;
গুচি যাব উন্মাদ আৰু নির্বোধৰ
প্রিয় মইমতালি
নির্বোধ আৰু উন্মাদক ভয়ানক কষ্টদি উল্লাস নষ্টৰ
অধিকাৰত যাব।
মই জানো সকলোখিনিয়ে গুচি যাব নষ্টযোৱা কিটাৰ অধিকাৰত ।
সর্বশ্রেষ্ট সুন্দৰী গাভৰুয়ে গোটেই ৰাতি দুই হাতেৰে টানি চুহিব নষ্টযোয়াৰ লিঙ্গ;
লম্পটৰ অশ্লীল উৰুত গাঁথা থাকিব
অপার্থিব সৌন্দর্য্যৰ দেবী।
গুচি যাব পাটগাভৰু, আমাৰ তীব্র
প্রেমিকা সকল ওষ্ঠ আৰু আলিঙ্গন পাহৰি গুচি যাব,
নষ্টযোৱা কিটাৰ উপপত্নী হই।
সকলো গ্রন্থ শ্লোক, মুদ্রাযন্ত্র
নিঁয়ৰ ,বেহালা ,ধান,
ৰাজনীতি ,বুলবুলিৰ চিনাকী মিঠা স্বৰ
গদ্য পদ্য মোৰ সমস্ত ছাত্রী, মার্ক্স-
লেনিন,
আৰু অসমৰ বনৰ দৰে শ্যামলী মোৰ শ্যামল কন্যা-
ৰাহুগ্রস্থ সভ্যতাৰ অবশিষ্ট এফালি জোনাক-
মই জানো সকলোখিনিয়েই গুচি যাব নষ্টযোয়াৰ
অধিকাৰত।