একো কোৱা নাই
সুনীল অমিয়
========
বেচী নহয়==
এ'চকল গুৰত
পৰোৱাৰ ফুচ-ফুচনি
কবিতাৰ অমোঘ স্পন্দন
নতুবা==
আহিছে যেন বিদায়
জনাবলৈ
অ কে, বাই-বাই, টা-টা
স্বাভাৱিক==
যেন লৰটোৱে মেলি
দিচে তাৰ দীঘলিয়া আজৰী
সময় !
গছৰ গোটেই গা মেৰিয়াই !
আবোলতাবোল==
খেলে তাৰ
নিজস্ব খেল খেলি যায়
বিশুদ্ধ....
অলস....
নীল সময়ৰ ডেউকাৰ আৰে আৰে
কিছু মানুহে মুখ চাই
কবিতাৰ অমল পানীত
কাকো বুজি নাপালো==
পৰুৱাৰ
ফুচ-ফুচনিৰ পয়াৰ
ক্রমাগত মোম ঢালি মৌচাক
গঢ়ে চিত্রাপিত
কেৱল তাৰ মাজতেই
সি হই যায় গোত্রহীন
কিন্তু==
আচল বিষয়বস্তু
কবিতাচ্ছন্ন প্রাণ
এবাওট টার্ণ....
অনুমতি নলয় কাৰো
গুচি যায়....!!
কি আআচৰিত
মোক একো কোৱা নাই