Lamborghini Huracán LP 610-4 t
কপৌ ফুলক বা নোফুলক
আজি বসন্ত

সুনীল অমিয়
==========
কপৌ ফুলক বা নোফুলক
আজি বসন্ত
কুলিয়ে মাতক বা নামতক
আজি বসন্ত
দেৱালত ৰঙা চিয়াঁহীৰ
ৰন্টু + ৰীণা
পচোঁৱাৰ গহনা
তাতথিনা তাথিনা
বাজিছে গগণা
*
শীতৰ সেমেকা আতঁৰাই
ডাউনলোড কৰিছো
নতুন ৰিঙটোন
ভেলেনটাইন ডে স্পেচাল
*
ওঁঠত আজি পাবলো ন্যাৰুদা
জন কীটচ গাইছিলো সেই তাহানি
মাজে মাজে
চেক্চপিয়েৰকো কৰিছিলো আমনি
বুকুত বাজি আছে ৰবীন্দ্রনাথ
*
মনটোয়ে কৈছে আজি হেৰাই যাওঁ
হেৰাই যাওঁ মই তোমাৰ সতে
অঙ্গীকাৰৰ মালাধাৰী পিন্ধাবলৈ
অলপ সময় থবা তোমাৰ হাতত
*
পুবৰ অহনাত(ফেহুঁজালি) পৃথিৱী বহুত ডাঙৰ
ইচ্ছা হলে যাম উৰি
ইচ্ছা হলে যাম পুৰি
দুহাতে সানিম ৰ'দ
ডেউকা মেলি
আকাশ ফালি
দুৰ আৰু বহুদুৰ দিগন্ত
কপৌ ফুলক বা নোফুলক
আজি বসন্ত
কুলিয়ে মাতক বা নামাতক
আজি বসন্ত ...