Lamborghini Huracán LP 610-4 t
যযৌ তস্তৌ

সুনীল অমিয়
=========
এৰা
সোঁতৰ বিপৰীতে গৈ
ভালপাওঁ মই
জীৱনৰ অনন্য সময়

এজাঁক পৰোৱাৰ
ফুচফুচনীৰ পয়াৰ
ক্ষন্তেকীয়া বালিঘৰৰ দুমোজাত
পৰিশার্ন্ত বিভ্রান্ত
নিচুকনি দুলৰীৰ সম্ভাৰ

যিমান বাৰ পাইছা দুখ
সিমান বাৰেই পাইছা মোক
নাৰী মই তোমাৰ পুৰুষ
তুমি মোৰ প্রকৃতি প্রবৃত্তি
সাত ৰজাৰ ধন মুকুতা শামুক

যিমান বাৰ হৈছা মাতৃ
পিতৃৰ গৌৰৱেৰে গৌৰবান্নিত কৰিছা মোক
মই তোমাৰ সুদীর্ঘ অসুখ

ওঁঠত ওঁঠ চেঁপা প্রেমবন্যাৰ ঢৌ
যযৌ তস্তৌ গতির্ন্নথা