নথকাৰ মাজত ও সাৱটি থকা

সুনীল অমিয়
=========
যদিও দুৰত্ব বঢ়ায় পথ
তথাপিও অন্তৰে জানে,
ভেকোভাওনাৰ চকুলোত নহয়;
বুকু ফালি ওলায় ফোয়াৰা ।

ছুঁই যায় প্রতিটো আচবাব
আৰু
ইফাল সিফাল ঘুৰি ফুৰা
কথাবোৰ
বৰ জ্বলাই মাৰে অহৰহ !

সেই খিড়িকীৰ,চৌকাঠ
মজিয়া আৰু পর্দাত
কান্দোনৰ গেঙনি,
ইছাট বিছাট
কিছু পাহাড় ভাঙ্গে
ভুমিধ্বস হই সৰকে পাথৰ,
এঙাৰ সৰু সৰু
অগ্নিগোলকৰ দৰে
পানী খোজে, পানী।

খিড়িকীত সাৰে থকা পূর্ণিমাও জানে
তাৰ কান্ধত মুৰ থৈ
মই আজিও ঘুমটি যোৱা নাই,

ঘুমটি নাযাও অনন্তৰ কিছু সময়,
অগনিত ৰাতিবোৰেও জানে
সেই ৰূপকথা ।

তথাপিও তৃষ্ণাবোৰ জাগি থাকে
পানী খোজে, পানী
বই যায় ,দৌৰি পলাই
এটি সমূদ্র এটি নদী ।


Pair of Vintage Old School Fru