উপেক্ষা

—সুনীল অমিয়
অনন্ত বিৰহ দিয়া,
ভালপোৱাৰ কৃপনালি নিদিবা৷
মই শিকা নাই প্রেমত কার্পণ্যতা।।

তোমাৰ উপেক্ষা পালে
অনায়াসে পাহৰি যাব পাৰিম
সমস্ত বোধগম্যতা ।
গ্রাস কৰা প্রেম
গ্রাস কৰা চৈতন্য।।

বিচৰিলে;
পাহৰিয়েই যাম একেবাৰে,
মাথো এবাৰ তুমি মোক উপেক্ষা কৰা৷

মই কদাপি ভয় নেখাওঁ, ভালপোৱাৰ ভিক্ষাৰী বিৰহ
নিসংগতা ।।
Ʒ——

সম্প্রদান
– সুনীই অমিয়
===========
ভাদৰ বর্ধিত আহাৰত
মিতিৰালি পাতিছিলো ।
তোৰ স'তে
সেয়াই প্রথম,
আৰু সেয়াই মোৰ শেষ।

বাট ও পথাৰত, ঘৰত,
দিন-ৰাতিত, মাহত ও বছৰত
সমস্ত সাম্রাজ্য জুৰি
সেই আহাঢ়ে যে মোক ইমানখিনি তিঁয়াব ভবা নাছিল কেতিয়াও ।
মোৰ সকলো শ্রম, মেধা আৰু মননত
নিদাৰুণ নম্র খননত
কি নিপুণ ঘা বনাইছে চোৱা
এই চতুৰ আহাঢ়ে।

এদিন সকলো আছিল
তোক মতা নামৰ মাধুর্য্যত,
বাঘেখাইতী তথাপিও তোৰ ন'ভৰিল মন—

এইয়া ল' হাৰামজাদী এটা জীৱন!
ღ———


Pair of Vintage Old School Fru