।।বন্ধকী প্রেম।।
___সুনীল অমিয়
আজি !!
এজনী যুৱতীৰ
কিশোৰী সুলভ হাঁহিৰ মায়াজালত মই বন্দী হৈ গ'লো।
তাইৰ উচ্ছল ভৰিৰ নূপুৰ ধ্বনিত,
মই পাহৰি গৈছিলো সময় চলাৰ গতি।
পাহৰি গ'লো মোৰ অস্তিত্ব ,
আজি সেইয়া তোমাৰ হাতত বন্ধক 'ঐশী'।
পাহৰি গৈছিলো,
তোমাৰ টোল পৰা
সেই হাঁহি চোৱাৰ বাবে
থিয় দিয়া,
কলেজৰ গেইটত ঘন্টাৰ পিছত ঘন্টা।
কিংবা তোমাৰ ওঁঠত দিয়া,
নিকোটিনৰ গন্ধযুক্ত প্রথম চুমা।
কিন্তু
তাৰপিছতও কিয় ??
আজি দেখা,
সেই উচ্ছসিত তৰুণীৰ প্রেমত পৰিব নোৱাৰিলো কোৱা ??
কিয় আজিও এৰোয়াই আনিব নোৱাৰিলো ??
তোমাৰ ভড়ালত জমা থোৱা,
মোৰ বন্ধকী প্রেম।।