~শীত কাল কেতিয়া আহিব অনামিকা~
সুনীল অমিয়
==
শীত কাল কেতিয়া আহিব অনামিকা ?
মই তিনি মাহ শুই থাকিম ।
প্রতিদিন সন্ধিয়া,
কোনে জানো ধেমালীৰ ছলেৰে, সুমোয়াই দিয়ে ভেকুলিৰ তেজ ,মোৰ দেহাত--
মই জুপোকা মাৰি থাকো ।
*
এন্ধাৰত নীলা তৰাবাতি
উৰুয়াই দিয়ে কোনে ?
গোটেই ৰাতি ফটকা ফুটাই
হৈ হল্লা হট্টগোল
তাৰ পিছত সকলো মমবাতি লই যায় একেলগে !!
উৎসবৰ দিন বতাহৰ দৰে উৰি যায় |
জানো ক'ৰবালে ?
বাঁহীৰ শব্দ আৰু কানত নাহে !
*
তেতিয়া পানী দেখা পালেই জাঁপ মাৰি দিবৰ মন যায়।
পানীৰ ভিতৰত দেহা জুবুৰীৱাই
মুৰ ডাঙি নিশ্বাস লওঁ অনুক্ষন।
ভাল নালাগে অনামিকা।
ভাল নেলাগে !!
*
মই মানুহৰ দৰে নহয়।
পোঁহৰ নাই, নাই সপোন !!
ভৰিৰ পতা-মুৰ বহল হই গৈ আছে ক্রমশঃ।
ঘোড়াৰ খুৰৰ শব্দ শুনিলেই
দীঘল দীঘল নিশ্বাস লওঁ ।
ঘড়িৰ কাঁটা আগুৱাই দিওঁ সদায়।
মোৰ ভাল নালাগে--
শীত কাল কেতিয়া আহিব অনামিকা ???
*
এদিনাখন
দুকমুকালিতে টোপনিৰ পৰা উঠি দেখিছিলো।
ওলমি আছে টুকুৰা-টুকুৰ মেঘ খিড়িকিত।
চাৰিওফালে এন্ধাৰ
নিজৰ হাতৰ নখ দেখি পোৱা নাছিলো।
সিদিনা তোমাৰ কথা বৰ মনত পৰিছিল।
মই কান্দি পেলাইছিলো।
চুলিত দিয়াচলাই জ্বলাই
চুলিৰ পোৰা গোন্ধত
টোপনি গৈছিলো।
*
এতিয়া আকৌ মানুহৰ দৰে ভৰি--
বাটত খোঁজকাঢ়ি ফুৰিচো।
হঠাৎ জাঁপ মাৰি দিবলৈ মন জায়।
ভালপোৱাৰ কাষত দীর্ঘ তিনিমাহ
তলমুৰ কৰি বহি থাকিবলে ভাল নালাগে।
মানুহৰ ভৰিৰ শব্দ শুনি পালেই দীর্ঘশ্বাস পেলাওঁ।
*
যিফালৰ পৰা আহোঁ সিফালেই দৌৰি পলাওঁ।
কিয় এই দৌৰি পলোৱা
মোৰ ভাল নালাগে--
শীত কাল কেতিয়া আহিব অনামিকা
মই তিনিমাহ শুই থাকিম্ —