কৃষ্ণচুড়া !!
ৰঙা হৈ নুফুলিবি তই=২
================
কৃষ্ণচুড়া !!
ৰঙা হৈ ফুলিছিলি
এদিন--
পদুলী শুৱনি কৰি
অলস ব'হাগী দুপৰীয়াত
আলফুলে এৰি দিছিলো
দেহাৰ ভৰ
তোৰ নোমাল বাহুবেষ্টনীট

তোৰ ছাঁত বহি
গুথিছিলো বৰমালা
সপোন কোঁৱৰলৈ বুলি
লহপহকৈ বাঢ়িছিল
সপোন সুৱাগমনি কঠিয়াতলি--
কথা আছিল
প্রথম আষাৰৰ বৰষুনত
গোছ লোৱাৰ
ছনপৰা মাটি ড'ৰাৰ

অঘৈয়া হুলে বিন্ধা
নিজান দুপৰীয়া বোৰত
তোৰ সতে পাতিছিলো
বহু কথা--
বহু স্মৃতিৰ সাক্ষী তই
তোৰ সৈতে ভগাই লৈছিলো
হাঁহি খিকিন্দালিৰ
পল অনুপল--

চকুচৰহা--
হিংসাকুৰিয়া--
পেটকপটিয়া--
কাঢ়ি নিলি মোৰ
দগমগীয়া বেলি
উভালি নিলি মোৰ
সেন্দুৰীয়া পদুলী

আপদীয়া চৰকাৰী গোলাম
ধুই ফটফটীয়া কৰিলি
দেহাৰ সাজ
চি,আৰ,পি মিলেটাৰি
কুঁহিপাত মেলা গছজোপাক
দেশদ্রোহী সজালি

কৃষ্ণচুড়া আকৌ ফুলিছ তই
তোক কৈছো নহয়
আৰু নোফুলিবি
ৰঙা হৈ
তই ফুলিলেই
মোৰ বুকুখন বিষাই
দুচকুত নামে বাৰিষাৰ ঢল
টলমল টলমল--


Disneyland 1972 Love the old s