"দেহতত্ত্ব"

__সুনীল অমিয়

ইমানদিনৰ চিনাকী এই দেহা
মাজে মাজে কিয় জানো !
অচিনাকী হৈ যায়।
এখন কর্কশ খহটা হাত !
যেতিয়া নানা কৌশলেৰে
স্পর্শ কৰে চন্দন চর্চ্চিত হাতখনি
মোৰ স্নায়ুৰ ঘৰত
ঘন্টা বাজে,
ঘন্টা বাজে

এইয়া মোৰ নিজৰ শৰীৰ
শৰীৰৰ ভাষা
মই পঢ়িব নোৱাৰোঁ
হয়তোবা নাজানো।

সি নিজেই
তাৰ ভাষাত কথা কয়।
তেতিয়া আঙুলি, চকু, ওঁঠ,
পেডিকিউৰ কৰা
এই মসৃণ
বাঁহৰ গাঁজৰ দৰে ভৰি
এটাও মোৰ হৈ নাথাকে ।
সেইয়া মোৰ নহয় !
যেন আন কাৰোবাৰ হাত ভৰি।

অথচ সেই হাত
মই সঠিক ভাবে চিনি নাপাওঁ
এইয়া মোৰে ওঁঠ,
এইয়া মোৰেই জংঘা-কৰঙন
ইহঁতৰ কোনো পেশী,
কোনো লোমকূপ
মোৰ অধীন নহয়,
নিয়ন্ত্রিত নহয়।

স্নায়ুৰ বহুতল স্কাইস্ক্রেপাৰত
ঘন্টা বাজে
ঘন্টা বাজে
এই পৃথিৱীত মই তেন্তে কাৰ ক্রীড়নক ??
পুৰুষ নে প্রকৃতিৰ ??

আচলতে পুৰুষে নহয়
প্রকৃতিয়ে মোক বজায়
মই তাৰ চখৰ গীটাৰ।

পুৰুষৰ স্পর্শত মই
ঘুমন্ত শৈশৱ ভাঙি
জাগি উঠোঁ
মোৰ সমুদ্রত পাতনি মেলে
হঠাৎ জোৱাৰ।

তেজ মঙহত
ভালপোৱাৰ সুগন্ধ পালে
প্রকৃতিয়ে মোক বজায়
মই যে তাৰ চখৰ চেতাৰ।


Disneyland 1972 Love the old s