বৃষ্টি
—সুনীল অমিয়
==========
কান্দিও না পাওঁ তাক !
বৰষাৰ অজস্র জলধাৰ।
ফাগুন আবেলীত বৰষুন
আহে নামি।
চহৰৰ পথ দ্রুত অন্ধকাৰ।
বাগৰে শিলত পানী,
ঝঞ্ঝা তমস্বিনী;
আকাশৰ বিদ্যুতজ্বলা জাঠি
হানে ইন্দ্রমেঘ;
ক'লা দিন ক'লা ৰাতি গলিৰ পথাৰ।
কান্দিও না পাওঁ তাক !
বৰষাৰ অজস্র জলধাৰ।
নিবিষ্ট ক্রান্তিৰ সুৰ
ঝৰঝৰ বুকুত অবিৰত।
হঠাৎ গলিৰ শেষত
ৰঙা আভা দুৰন্ত সেন্দুৰ
পিন্ধায় মূহুর্ত টিপ,
নির্বাপিত চকুত
কম্পিত নগৰশীর্ষদ্ৱাৰ
জটিল বোবা ৰেখা।
বিৰাম-স্তম্ভিত লগন ভাঙে
আকৌ কাজল মেঘ হানে
কৃষ্ণ কাজল তৰু তমাল শাখা।
কয় নাম, নাম, অবিশ্রাম
ঘুৰি-ফুৰে বতাহ
বিচাৰিও না পাওঁ যাক
বৰষাৰ অজস্র জলধাৰ।
আদিম বর্ষণ জল,
বতাহ পৃথিবীৰ।
মত্ত দিন, মুগ্ধ ক্ষণ,
প্রথম ঝঙ্কাৰ অবিৰহ,
সেই সৃষ্টিক্ষণ স্রোতঃস্বনা
মৃত্তিকাৰ সত্তা স্মৃতিহীনা
প্রশস্ত প্রাচীৰ নামে
নিবীড় সন্ধ্যাত,
এক আর্দ্র চৈতন্যৰ স্তব্ধ তটত।
ভাঁহে, মুছে, ধুয়ে ঢাকে
সৃষ্টি আকাশৰ দৃষ্টিলোক।
কি বিহ্বল মাটি গছ,
ৰই থকা ন-ছোৱালী দুয়াৰ
গুহাৰ এন্ধাৰ চিত্র ,
ধুমুহাৰ উত্তৰণ
বাৰে-বাৰে পোৱা,
হাওয়া, হেৰাই
নিৰন্তৰ ঘুৰি-ঘুৰি-
ঘনমেঘলীন তমসাৰ
কান্দিও না পাওঁ যাক
বৰষাৰ অজস্র জলধাৰ।
…