'ভাললগা গানৰ অভিশাপ'
—সুনীল অমিয়
পৃথিৱীৰ সকলোকথা
তুমি জানো জানা ?
নাজানা--
যিমান কম জনা বুলি ভাবা,
জানিছা চাগে তাতোকৈ বহু বেচি।
তুমি জানা নে ?
কিমানখিনি প্রেম
বুকুত বান্ধি--
উভতি যায় কোনোবাই,
নতুবা ঘুৰাই পঠাই কোনোবাই।
তুমি না জানা,
মাথো ভালপাইছে বুলিয়ে
নিৰাপদ দূৰত্বত থাকে
কিমান হৃদয়
ৰেললাইনৰ দৰে
সমান্তৰাল জীৱনপথ ।
তুমি জানা নে ?
বৰষুনে--
সকলোৰে হৃদয়ত
আনন্দ
আনি দিব নোৱাৰে,
কোনোবাই
পুৰণা মেঘ বুকুত লৈ
আকাশৰ সতে কান্দে !
নীৰবে নিমাতে।
ক'ৰবাৰ পৰা যেন
ওলাই আহে
প্রাগ-ঐতিহাসিক
নীৰব দীর্ঘশ্বাস।
তুমি নোবুজা
হাঁহিমুখেৰে যাৰ প্রস্থান
কিমানখিনি কষ্ট লুকুৱাই
বাচি লৈছে পৃথক পথ।
তুমি মাথো বুজা
মিহি-চাউল,টকা,
চিকমিকনি,
আৰু কাটা চামুচৰ ক্ষমতা।
তুমি মাথো
সেইখিনিকে কৰা
যি খিনি দেখি পোৱা
বাহ্যিক দৃশ্টিত
নাটক চিৰিয়েল
লং-ড্রাইভ
ৰেস্টুৰেন্টত
আনৰ প্রেম চাই চাই
প্রেম শিকা !
তুমি নোবুজা
তোমাৰ বাবে
সেই কবিতাৰ দাম আছিল আড়াই'শ বছৰ,
না জানা
হঠাত্ হাতত ছুই দিলে
কিমানখিনি বিদ্যুৎস্পৃষ্ট হয়।
না জানা
ছোৱালীজনীৰ দীঘল চুলিত
ফুল আৰু ভুল
একেলোগে থাকে
গাত গা লগাই
-হাচনাহানা,
খৰিকাজাঁই গোলাপ।
তুমি মাথো
বুজা ওঁঠ ,বুজা বুকু ,
বুজা দেহ আৰু দৈহিক থুঁতৰী।
দেহময় প্রেম
এইদৰেই ভালপোৱাক পৰিণত
কৰিছা ঘৃণাত,
প্লাৱনৰ বেগত সপোনৰ পৰা দুঃস্বপ্নলৈ গুচি যোৱা ।
আজীবন জীয়াই থাকা
কাৰোবাৰ ঘৃণাত,
অনুশোচনাত ,
অভিশাপ
কেতিয়াবা নিষিদ্ধ কামনাৰ।