কদম ফুলৰ ইতিহাস
__ সুনীল অমিয়
মই তোমাক বহুবাৰ কৈছোঁ-
মই গছৰ দৰে অলৰ নহয়।
তুমি বহু বাৰ ওভতি আহিছা,
ভাবিছা -!!
মই কদম গছ হই
একেঠাইত থিয় দি থাকিম ।
কিন্তু
এতিয়া চোৱা মই
গছৰ তলত থিয়দি থাকিলেও,
মই বৃক্ষতকৈ অধিক
এক কম্পমান সত্তা ।
বাঁহীত ফুঁ দিয়াৰ লগেলগেই
চাৰিওফালে ৰাউচী জোৰে
ৰাধাৰ সমদল।
মই জানো কৈছিলো-
ঘৰ ভাঙি মোৰ কাষত আহা?
মই জানো কৈছিলো-
যমুনাত কলচী ওটোৱাই,
ভিজা গাৰে
কদমৰ ছাঁত লগ দিয়া ?
মই কোৱা নাই লাজ-লজ্জা, সংসাৰ-সম্পর্ক-
যমুনাৰ পানীত ওটোৱাই দিয়া।
মই নদীৰ স্বভাব জানো,
সোঁত বুজো, কূল ভঙা বুজো।
কিন্তু চোৱা--
তোমাক বুজি পাবলে
বাঁহীত আঠোটাকৈ ফুটা।
সকলো ফুটাৰেই ফুঁ ওলায়;
আৰু মোৰ বুকুৰ পৰা
নিগৰে তেজ।