Disneyland 1972 Love the old s
অর্থ পৰমার্থ

সুনীল অমিয়
=========
এজনী ছোৱলীয়ে
তোমাক ৰঙা চকু দেখোৱাইছে
তাৰ মানে তাই তোমাক শাষন কৰিছে।

তাই তোমাক সাবটি ধৰি দীর্ঘ নিঃস্বাস পেলাইছে
তাৰ মানে তাই তোমাক ভালপাই সুখ পাইছে।

তাই তোমাক সাবটি ধৰি কান্দি আছে
মানে তাই তোমাক প্রবল ভাবে বিশ্বাস কৰিছে।

আৰু
তুমি চকু ৰঙা কৰিছা সেয়ে ছোৱালী জনী থামি গ'ল মানে তাই তোমাক শাসন কৰাৰ অধিকাৰ দিছে।

তাই তোমাক সাবটি ধৰি মুৰটো তাইৰ বুকু চেঁপি ধৰিছে
মানে তাই তোমাক মৰম যাঁচিছে ।

তোমাৰ দুখৰ সময়ত হাত বঢ়াই কাষৰত টানি নিছে
মানে তাই নিজেকে তোমাৰ বিশ্বাসযোগ্য কৰি গঢ়ি তুলিছে।

ইয়াৰ মানে এইয়ে নহয় যে লৰা বোৰে মাথো দিয়ে যায়, লৰাবোৰে এইধৰনৰ দিয়াৰ মাজেৰেই অদৃশ্য ভালপোৱা বিচাৰি পায় ।