XtGem Forum catalog
অভিমানৰ পানচৈ

–সুনীল অমিয়
==========
ইমানদিন কিবা এটাৰ লগত
মথো খেলি আছিলো
অকলে
পৰাজিত প্রেম
তনুৰ তিমিৰত হানিছে আঘাত
পাৰিজাতহীন কঠিন পাথৰ
প্রাপ্যহীন কৰাল দুপৰ,
নির্মম বোকাঁমাটিত
পোঁতখোৱা মুৰ
পাৰ হয় বিষন্ন ৰাতিৰ প্রহৰ_

এই খেল আৰু খেলিম কতকাল
আৰু কিমান টা জীৱন!
কিবা এটাতো লাগে -
হওক লাগিলে ভুল
হওক লাগিলে মিছা প্রবোধ,
অভিলাষী মন
না পালেও না পাওক জোন,
জোনাকত পাওঁ যেন তিলমাত্র ঠাঁই
কিবা এটা যেন পাওঁ,
কিবা এটা তো লাগেই দিয়াচোন।

আৰু কিমান দিন,
আৰু কিমানছদিন–
আৰু কতদিন ?
ভাষাহীন তৰু বিশ্বাসী ছায়া
আৰু কিমান বিলাব ?
কিমান আৰু এই ৰক্ততিলকত
তপ্ত প্রণাম!
জীবনৰ বাবে জন্ম
জানো মাথো প্রতাৰণাময়-
ইমান ক্ষয়,
ইমান ভুল জমা হয়
বুকুৰ তাঁতশাল,
এই চকুয়ে জানে,
পক্ষীবোৰেও জানে,
কিমান খিনি ক্ষৰণ
কিমান খিনি দ্বিধাৰ সন্ত্রাসত
ফুল নোফোটে শাখাত

তুমি নাজানা –
মই তো জানো
কিমান খিনি গ্লানিৰে
ইমান কথা লৈ,
ইমান গান,
ইমান হাঁহি বুকুত লৈ
নিশ্চুপ হই থাকো
বেদনাৰ ভৰিত চুমা খাই
কেৱল জীয়াই থকাৰ বাবে
জীয়াই থাকো
এইয়ে তো জীৱন,
এইয়ে তো মাধুৰী,
এইয়া চোৱা অধৰ ছুলেহি
সুখৰ সুতনু সুনীল লাহৰী।

তুমি না জানা–
মই তো জানো
মাটি খান্দি কোনে ওলায় শস্য,
মাংসৰ ঘৰত জুই পুহিছে
যিসকলে
কোনোদিন বিচৰা নাই আকাশ
বিচাৰিছে মাথো নীলিমা
কৰতলত
সিঁহতে ধৰি ৰাখিছে আজি
বিশ্বাসী হাতিয়াৰ
পৰাজয় আহি খামচি ধৰিছে কণ্ঠ ছুইছে লেলিহান শিখা,
চিতাৰ চাবুক নিভৃতত হানিছে মোহন ঘাতক
তথাপিও তো পোয়াৰ প্রত্যাশা লৈ মুখৰ হৃদয়,
পুষ্পৰ প্রতি প্রসাৰিত
এই তীৰশোভন বাহু।

বৈশাখী মেঘ ঢাকিছে আকাশ
ডেউকাৰ পখি নীড় খুজি পায়–
ভাষাহীন এই নির্বাক চকু
চকু !আৰু কিমানদিন ?
নীলা অভিমানত
পুৰো অকলে
আৰু
কিমান খিনি জীৱন
কিমান খিনি জীৱন
কিবা এটা তো লাগে–
হওক লাগিলে ভুল
হওক মিছা প্রবোধ,
অভিলাষী মন না পালে পা ওক জোন,
জোনাকত পাওঁ যেন অকমান ঠাঁই
কিবা এটা তো লাগে,
কিবা এটা লাগেই দিয়া চোন