Old school Swatch Watches
"বৰষা বৰষুন কিংবা
ভালপোৱাৰ কবিতা"

____সুনীল অমিয়

এ'ডোখৰ....
উকা কাগজৰ উপৰত
মেঘে যেতিয়া আহি
থিয় দিয়ে
প্রতিটো আখৰ
হই ওঠে
একো-একোটি বৰষুনৰ টোপাল,
শব্দবোৰ বৰষা-কাল--
গুড়ি গুড়ি বৃষ্টি
বিন্দু বিন্দু অশ্রুৰ কবিতা।

মেঘে ভাঙোতে ভাঙোতে
দক্ষিণ গোলার্ধৰ পৰা
উত্তৰ গোলার্ধলৈ যায়।
বগা কাগজৰ উপৰত
পৰি থাকে স্মৃতি,
ভাল পোৱা--
ভাল লপাৰ গোন্ধ

মই হাতমেলি
সেই মেঘবৃষ্টিৰ
স্বর্ণমুদ্রা বুটলো,
এই উকা কাগজ
মূহুর্তত হই ওঠে
বিৰহী মেঘদুত
অসীম গীতবিতান।

কাগজ আবিষ্কাৰ হোৱাৰ আগত
মানুহে প্রেমৰ কবিতা
লিখি ৰাখিছিল আকাশত
সেই ভালপোৱাৰ কবিতাই
এই বৃষ্টি,
এই ভৰুণ বৰষা।

==