পাহাৰ শৃঙ্গত

সুনীল অমিয়
=========
বহুদিনিয়া এটা চখ
পাহাৰ এটা কিনিম
আছে পর্যাপ্ত বৈভৱ
কিন্তু---
বিচাৰি পোৱা নাই
বেপাৰী জনক
যদি তাৰ লগ পালো হেতেন,
দামৰ বাবে নাথাকে ৰখি ।

মোৰ নিজাববীয়াকৈ আছে এখন নদী ,
বই যায় নিৰবধি---
তাৰেই কৰিলো হেতেন পাহাৰ বদলি ।

কোনে নাজানে, পাহাৰতকৈ নদীৰ দামেই বেচি।
পাহাৰ স্থানু,, নদী বহমান।
তথাপিও যদি নৈৰ বদলিত পাহাৰখন পাওঁ
কিনিলো হেতেন !

কাৰণ, মই ঠগ খাব খোঁজো।
নৈ খনকও অবশ্য কিনিছিলো এটা দ্বীপৰ বিনিময়ত।

লৰালি কালত মোৰ বেচ সৰুমৰু ছিমছাম,এটা দ্বীপ আছিল।
তাত আছিল অসংখ্য প্রজাপতি।
শৈশবত দ্বীপটো আছিল মোৰ বৰ প্রিয়।

যৌবনত দ্বীপটো মোৰ বাবে মাপত সৰু হ'ল । সেয়ে প্রবাহমান slim তন্বী নৈখন বেচ পছন হ'ল।

বন্ধুসকলে ক'লে, "এধান মানি
এটা দ্বীপৰ বিনিময়ত ইমান ডাঙৰ এখন নদী পাইছ
বাহ ! তই বৰ লাকী !
খুঊব জিঁকিলি সঁচাকে বে "!

তেতিয়া জয়ৰ আনন্দত মই আপোন পাহৰা হই পৰিছিলো।
তেতিয়া সঁচাই মই বৰ ভালপাইছিলো নদীক।

নৈ !!!
মোৰ বহু প্রশ্নৰ উত্তৰ ।
যেনে, ধৰা , আজি সন্ধিয়া বৰষুন হব নেকি??
সি কয়, আজি ইয়াত দক্ষিণ গৰম বতাহ।
মাথো এটি সৰু দ্বীপত বৃষ্টি,
কি প্রবল বৃষ্টি, যেন এটা উৎসব!
মই সেই দ্বীপত আৰু যাব পৰা নাই,--
সি জানে !
সকলোয়ে জানে !!
শৈশব আৰু ঘুৰি নাহে ।

এতিয়া মই এটা পাহাৰ কিনিব খোঁজো।
সেই পাহাৰৰ ভৰিৰ তলত
থাকিব গহন অৰণ্য, মই সেই অৰণ্য পাৰ হই যাম, তাৰপিছত মাথো শুকান লঠঙা কঠিন পাহাৰ।

একেবাৰে শৃঙ্গত, মুৰৰ নিচেই কাষত আকাশ,
তলত বিপুলা পৃথিৱী,
চৰাচৰত তীব্র নির্জনতা ।
মোৰ মাত, তাত, কোনেও শুনি নাপাব।
মই মাথো দহ দিশক উদ্দেশ্য কৰি কম,
""প্রত্যেক মানুহেই অহঙ্কাৰী, ইয়াত মই অকলশৰীয়া-
মোৰ কোনো অহঙ্কাৰ নাই""।
ইয়াত জয়ী হোৱাৰ পৰিবর্তে ক্ষমা ভিক্ষা ভাল লাগে।

হে দহ দিশ, মই কোনো দূষ কৰা নাই।
মোক ক্ষমা কৰা।


80s toys - Atari. I still have