Disneyland 1972 Love the old s
--ঃঃ মৃদু প্রতিবাদ ঃঃ--

___সুনীল অমিয়

সেউজ বিস্তির্ন পথ
গেড় ধৰা গাভিনী পথাৰ
আমন জিমন কৈ ফুলি থকা
কঁহুৱা ডৰা।
গাতে গা লগাই বৈ আছে নদীখনি_
নে নীলা সময় ??
কাষত এটা শামুক__
তাৰ মাজেদি খোঁজ কাঢ়ি যোৱা
সংকীর্ন পথ

নীলা প্রজাপতি জনীয়ে
কি জানো কৈছিল ??
বতাহৰ কানে কানে
মনতে পৰা নাই চোন !

পানী ছুঁই চোৱাৰ অভিলাষত
কতজন ভাঁহি গ'ল স্রোতত
শামুকত লাগি কাটি গ'ল যেন
কাৰোবাৰ ভৰিৰ তলোৱা--

অতঃপৰ পথ হেৰুৱাৰ সতর্কবানীত
চিঞৰি উঠিলো
"জীৱনৰ মানে নাজানো
তথাপিও অহা নাই ক্লান্তি
তথাপিও হোৱা নাই বিভ্রান্ত"

তাৰপিছত দু'ভৰিৰ লুঙলুঙিয়া বাট
ভৰিৰ তলত খছমচাই উঠে সৰাপাত
যেন সময়ৰ বাকৰীত
এটি মৃদু প্রতিবাদ--